চলিত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'বলগীয়া আই চি চি এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ত্ৰয়োদশ সংস্কৰণ ভাৰতত অনুষ্ঠিত হ'ব।এই প্ৰতিযোগিতাত ১০ টা দ'লে অংশগ্ৰহণ কৰিব। প্ৰতিটো দলে আনটো দলৰ বিৰুদ্ধে এবাৰকৈ ৰাউণ্ড ৰবিন ফৰ্মেটত খেলিব আৰু শীৰ্ষ চাৰিটা দলে ছেমি ফাইনেললৈ অগ্ৰসৰ হ'ব, আৰু ছেমি ফাইনেলৰ পৰা নিৰ্বাচিত হোৱা দ'ল দুটাই ফাইনেলত মুখামুখি হ'ব।

আয়োজক ভাৰত,ডিফেন্ডিং চেম্পিয়ন ইংলেণ্ড, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা, পাকিস্তান আদি ট্ৰফী বিজয়ৰ প্ৰৱল দাবীদাৰ বুলিব পাৰিব।যদিও বাংলাদেশ, আফগানিস্তান, আদিৰ প্ৰভাৱো নুই কৰিব নোৱাৰি। ২০২২ বৰ্ষৰ টি ২০ বিশ্বকাপৰ দৰে আয়াৰলেণ্ড, নেদাৰলেণ্ড,জিম্বাৱৱে আদিৰ দৰে দ'লেও অনুৰাগীক হতচকিৎ কৰিব পাৰে। মুঠৰ ওপৰত এক ৰোমাঞ্চকৰ প্ৰতিযোগিতা যে হ'ব তাত কোনো সন্দেহ নাই।

২০১৩ ৰ পৰা‌ কোনো‌ আন্তঃৰাষ্ট্ৰীয় ট্ৰফী জয়ত ব্যৰ্থ হোৱা ভাৰতীয় দ'লৰ বাবে স্ব-ভূমিত হবলগীয়া এই বৰ্ষৰ বিশ্বকাপৰ বাবে যথেষ্ট চাপ থাকিব। বিৰাট কোহলী,ৰোহিত শৰ্মা,শিখৰ ধাৱান আদিৰ দৰে জেষ্ঠ আৰু অভিজ্ঞ খেলুৱৈ সকলে‌ বিগত কেইটামান বছৰত ফৰ্মক লৈ যথেষ্ট সংঘৰ্ষ কৰিবলগা হৈছে। কিন্তু ২০২২ বৰ্ষৰ এছিয়া কাপৰ পৰা বিৰাট কোহলীয়ে যেন হেৰুৱা ফৰ্ম ঘূৰাই পাইছে।চলিত শ্ৰীলংকাৰ লগত হোৱা এদিনীয়া শৃংখলাৰ পৰাও এই কথাই স্পষ্ট হৈছে আৰু অধিনায়ক তথা বিগত বিশ্বকাপৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী ৰোহিত শৰ্মাইও যেন চন্দ ঘূৰাই পাইছে।

জেষ্ঠ খেলুৱৈ শিখৰ ধাৱান,কে এল ৰাহুলৰ শেহতীয়া প্ৰদৰ্শনক লৈ যথেষ্ট প্ৰশ্ন উঠিছে। কাৰণ শুভমন গীল,ঈশান কিসানৰ দৰে যুৱ খেলুৱৈয়ে নিজৰ দাবীদাৰী প্ৰদৰ্শন কৰিছে।

বিশ্বকাপৰ পূৰ্বে ভাৰতীয় অলৰাওন্ডাৰ ৰবীন্দ্ৰ জাডেজা আৰু বেগী বলাৰ জশপ্ৰীত বুমৰাহে দ'ললৈ প্ৰত্যাৱৰ্তন কৰিব।যাৰ জৰিয়তে ভাৰতীয় দ'ল অধিক শক্তিশালী হৈ পৰিব। ৰেড হট ফৰ্মত থকা সূৰ্য্য কুমাৰ যাদৱ,শ্ৰেয়াস আয়াৰক লৈ মূল একাদশৰ বাবে‌ যথেষ্ট দাবীদাৰ। মহম্মদ ছামী, ভুৱনেশ্বৰ কুমাৰৰ লগতে মহম্মদ ছিৰাজ,উমৰান মালিক ভাৰতীয় স্কুৱাডত স্হান পোৱাৰ সম্ভাৱনা আছে।

য়ুজৱেন্দ্ৰ চহল,কুল দীপ য়াদৱক ভাৰতীয় দ'লে কিদৰে ব্যৱহাৰ কৰে সেয়া লক্ষ্যণীয় হ'ব।

মুঠতে আয়োজক হিচাপে ভাৰতীয় দ'ল প্ৰৱল দাবীদাৰ ৰূপে বিশ্বকাপত প্ৰৱেশ কৰিব।

 ২০২৩বৰ্ষৰ বিশ্বকাপ তীব্ৰ প্ৰতিদ্বন্দ্বিতা আৰু মনোৰঞ্জনমূলক হ'ব প্ৰতিযোগিতাখনত সকলো খেলেই ৰোমাঞ্চকৰ হ'ব বুলি আশা কৰিব‌ পাৰি। ভাৰতীয় দ'লৰ মূল একাদশ আৰু স্কুৱাড নিৰ্বাচনৰ ক্ষেত্ৰত বিশ্বকাপৰ পূৰ্বে হ'ব লগা এছিয়া কাপ আৰু এদিনীয়া ছিৰিজ বোৰত ভাৰতে কিদৰে প্ৰস্তুতি চলাই আগবাঢ়ে তাৰ ওপৰতে সকলো নিৰ্ভৰ কৰিব।