এই যে জন্ম দিনটো।
সকলোৰে আদৰ,সাদৰ,মৰমৰ দিন।
বয়সৰ লগে লগে মানুহৰ দায়িত্ব বাঢ়ে। জন্মদিনৰ সেই আড়ম্বৰ উদযাপনৰ মাদকতা হেৰাই যায়। কিন্তু এক দৃষ্টিৰ পৰা চাবলৈ গ'লে জন্ম দিনটো আমাৰ বাবে সুখতকৈ বেছি দুখৰ হে দিন হয়।
যেতিয়া পাৰ হৈ যোৱা বছৰটোলৈ ঘূৰি চোৱা হয়।
কি কৰা হ'ল,কি কৰা নহ'ল,কিমানটা দিন সুখত গ'ল আৰু কিমান দিন দুখত।যেতিয়া অনুভৱ কৰা হয় যে অসংখ্য সোণালী সুযোগ পলকতেই হেৰাই গ'ল ।বহু কথা ক'বলৈ থাকি গ'ল। শৈশৱৰ সেই সপোনবোৰ ক'ত হেৰাই গ'ল,কিমান আশা আশা হৈয়ে ৰৈ গ'ল।
এইবোৰ ভবাৰ,বিচাৰ কৰাৰ, ঘূৰি চোৱাৰ থল জানো জন্মদিনটোৱেই নহয়।
ইয়াত আড়ম্বৰতাৰ স্হান থাকিবই লাগিব বুলি কথা নাই নিশ্চয়, এইবোৰ সকলোৰে নিজা ৰুচি,স্ফূৰ্টি.........। বছৰটোৰ এটাই বিশেষ দিন, জন্মদিন। সেই দিনটোত এইবোৰ অধিকাংশৰ স্বাভাৱিক ঘটনা।


এনে সময়তে এই দায়িত্বশীল ৰূপত এই আড়ম্বৰতা সমূহ এৰাই চলা সকল আৰু ইয়াক উৎসাহেৰে উদযাপন কৰা সকল সকলো নিজৰ নিজৰ দিশত সুখী আৰু শুদ্ধ। কিন্তু ইয়াৰ মাজতো বহুতো বিচাৰ আহে।যিয়ে বিচাৰে নিজৰ বিশেষ দিনটো উদযাপন কৰিব, কিন্তু নিবিচাৰে কাৰণ আনেক দায়িত্বই তেওঁক বেৰি আছে। তেওঁলোকে বিচাৰে লগৰীয়াৰ লগতো বা অন্য ধৰনেৰে দিনটোত নিজক এক বিশেষ দিন উপহাৰ দিবলৈ আনহাতে নিবিচাৰে কাৰণ তেওঁ এতিয়া পৰিপক্ক হৈ উঠিছে,আদৰ কৰোঁতাৰ অভাৱ ঘটিছে বা সেই দিনটো বিশেষ কৰিবলৈ সংগীৰ অভাৱ সেইয়া বন্ধু, পৰিয়ালৰ মানুহ অথবা আন কোনো হ'ব পাৰে। জন্মদিনটো‌ বোজা হে হৈ পৰে এওঁলোকৰ বাবে।

 উপৰোক্ত লিখনিৰ পৰা -- এই চিন্তাৰ লগত আনৰ দৃষ্টি বেলেগো হ'ব পাৰে ,এইয়া মাথোঁ নিজা মতামত হে এক সিদ্ধান্তলৈ আহোঁ বুলি ভাবিলে আমি ক'ব পাৰোঁ যে জন্মদিন সকলোৰে বাবে একে নহয়, গতিকে আনৰ আৱেগ, ধাৰণা, বাস্তৱতাৰ কথা বুজাটোহে আমাৰ লক্ষ্য হোৱা উচিত।সংকীৰ্ণ অৰ্থত জন্মদিনক লৈ মানুহৰ দৃষ্টিভংগীক দুটা দিশত বা ভাগত আনহাতে,বহল দৃষ্টিভংগীত তিনিটা বা তাতোধিক ভাগতো ভগাব পাৰি।।
#Random_thoughts.

---অভিনৱ।