ইংৰাজীত পঢ়িবলৈ - click here

 (১)অসমৰ পুৰণি নাম কি?

= প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ।


(২)অসমৰ ভৌগোলিক অৱস্থানৰ বিষয়ে লিখা।

= ভৌগোলিক অৱস্থান অনুসৰি অসম ভাৰতৰ উত্তৰ-পূব কোণৰ এখন ৰাজ্য।

ই ২৪° ৰ পৰা ২৮° উত্তৰ অক্ষাংশ আৰু ৯০‌° ৰ পৰা ৯৬° পূৱ দ্ৰাঘিমাংশত অৱস্থিত


(৩)অসম নামটো কেতিয়াৰ পৰা প্ৰচলন হয়?

= অসম ইংৰাজৰ অধীনলৈ যোৱাৰ পাছত পৰা।


(৪)অসমৰ মাটিকালি কিমান?

= ৭৮,৪৩৮ বৰ্গকিলোমিটাৰ।


(৫)অসমৰ প্ৰধান নদী দুখনৰ নাম কি কি?

= ব্ৰহ্মপুত্ৰ আৰু বৰাক।


(৬) বৰ্তমান অসমৰ জিলা কেইখন?

= ৩৫ খন।


(৭) বৰ্তমান অসমৰ জনসংখ্যা কিমান?

= ৩১২০৫৫৭৫৬ জন।(২০১১)


(৮)অসমৰ ৰাজধানী কি?

= দিছপুৰ।


(৯) বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী কোন?

= ড° হিমন্ত বিশ্ব শৰ্মা।


(১০) বৰ্তমান অসমৰ ৰাজ্যপাল কোন?

= গুলাব চান্দ কাটাৰিয়া।


(১১) ২০২৩ বৰ্ষৰ অসম বৈভৱ বঁটা কাক প্ৰদান কৰা হয়?

= ডাঃ তপন শইকীয়া।


(১২) পদ্মশ্ৰী বঁটা ২০২৩ অসমৰ পৰা কোনে কোনে লাভ কৰে?


= মুখাশিল্পী হেম চন্দ্র গোস্বামী,সমাজকৰ্মী ৰামকুইৱাংবে জেনে আৰু শিপিনী হেমপ্রভা চুতীয়া।


(১৩)কোন গৰাকী মহিলা ক্ৰিকেটাৰে WPL ত খেলাৰ সুযোগ পাইছিল?

= জিন্টিমনি কলিতা।



(১৪) বৰ্তমান অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ সংখ্যা কিমান?

= ৰাষ্ট্ৰীয় উদ্যান - ৭খন।

    অভয়াৰণ্য - ১৮ খন।


(১৫) বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ কোন?

 = শ্রী বিশ্বজিৎ দৈমাৰী।



(১৬) কেন্দ্ৰীয় লোকসেৱা আয়োগৰ UPSC পৰীক্ষা ২০২২ ত পঞ্চম স্থান কোনে লাভ কৰিছিল?

 = ময়ূৰ হাজৰিকা।


(১৭)অসমৰ বিহু নৃত্য আৰু ঢোলবাদনৰে বিশ্ব অভিলেখত কিমানজনে অংশগ্ৰহণ কৰিছিল?

 = ১১০০৪ জনে(১৩ এপ্ৰিল,২০২৩)


(১৮) বৰ্তমান অসমৰ ডি জি পি কোন?( Director general of police)

= শ্ৰী জ্ঞানেন্দ্ৰ প্ৰতাপ সিং।



(১৯) অসমৰ প্ৰথম 'বন্দে ভাৰত এক্সপ্ৰেছ' কোনে আৰু কেতিয়া মুকলি কৰে?

 = প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৯ মে',২০২৩ তাৰিখে।


(২০)এই ৰেলৰ চলাচল কোন ঠাইৰ পৰা কোন ঠাইলৈকে চলিব বা যাত্ৰা কৰিব?

= গুৱাহাটী-জলপাইগুৰি।

তথ্য সমূহত অজানিতে কোনো ভুল হ'ব পাৰে।

অনুগ্ৰহ কৰি আপোনাৰ চকুত পৰিলে আঙুলিয়াই দিয়ে যেন।

বি:দ্ৰ: অতি সোনকালেই অধিক প্ৰশ্নোত্তৰ যোগ কৰা হ'ব।