আৰম্ভণি: লাচিত বৰফুকন আছিল কেৱল অসমৰে নহয় ভাৰতবৰ্ষৰ ইতিহাসৰেই এজন অন্যতম পৰাক্ৰমী বীৰ। তেওঁ আগ্ৰাসী সাগৰ সদৃশ মোগল বাহিনীৰ বিৰুদ্ধে এমুঠি মান অসমীয়া সৈন্যৰে যুঁজি মোগল সেনাপতি ৰামসিংহ আৰু ঔৰংজেৱক আশ্বৰ্যচকিত কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ বীৰত্ব, নেতৃত্ব, সামৰিক কৌশল, বুদ্ধিৰ বাবে তেওঁক আজিও স্মৰণ কৰা হয়। আজিও প্ৰতিজন অসমীয়াৰ মনত লাচিত বৰফুকনৰ সাহস, নেতৃত্বৰ দুৰদৰ্শীতাই শিহৰণৰ সৃষ্টি কৰে। লাচিত বৰফুকনক বাদ দি অসমীয়া জাতিটোৰ সাহস আৰু বীৰত্বৰ কথা কল্পনাই কৰিব নোৱাৰি। লাচিত বৰফুকনৰ দৃঢ়, নি:স্বাৰ্থ আৰু দুৰদৰ্শী নেতৃত্বই সোঁৱৰাই থাকে অসমীয়া জাতিৰ প্ৰৱল পৰাক্ৰমৰ কথা।
চমু পৰিচয় আৰু শিক্ষা:এইগৰাকী মহান যোদ্ধা তথা সেনাপতিৰ জন্ম হৈছিল ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱৰ নিকটৱৰ্তী অঞ্চলত। তেওঁৰ পিতৃ আছিল মোমাই তামূলী বৰবৰুৱা।আৰু মাতৃৰ নাম নাগেশ্বৰী।ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা বাবে লাচিতে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই ল’বলগীয়া হৈছিল। লাচিতৰ জন্ম ৰাজকীয় পৰিৱেশত হোৱা বাবে কৰ্তব্যপৰায়ণতা, কৰ্মনিষ্ঠা, সততা আদি গুণ পৰিয়ালৰ পৰাই পাইছিল।
কৰ্মজীৱন: তেওঁ ৰাজমন্ত্ৰীৰ "হাঁচতিধৰা তামূলী"ৰ পদেৰে পদবীৰে পাতনি মেলিছিল। তাৰ পিছত তেওঁ ঘোঁৰা বৰুৱাৰ পদত নিযুক্ত হয়।এই পদত থাকোঁতে তেওঁ অতি দুৰ্দান্ত ঘোঁৰাক বশ কৰিছিল। এনেদৰে ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমুলগুৰীয়া ফুকন, দোলাকাষৰীয়া বৰুৱা (দোলা কঢ়িওৱা আৰু পালি পহৰীয়া সকলক চলোৱা) আদি বিভিন্ন ধৰণৰ পদত অধিষ্ঠিত হৈছিল। এনে সময়তে সেই সময়ৰ স্বৰ্গদেউ চক্ৰধ্বজ সিংহই লাচিতৰ দক্ষতা আৰু বীৰত্বৰ বাবে তেওঁক প্ৰধান সেনাপতি ৰূপে বৰফুকন পদত নিযুক্তি দিছিল।
সেনাপতিৰ দায়িত্ব গ্ৰহন কৰি লাচিত বৰফুকনে দেশৰ সৈন্য সকলক সংগঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছিল।তথা পৰৱৰ্ত্তী কাৰ্য্যসূচী সমূহ সূচাৰুৰূপে পৰিচালনা কৰিছিল

মোগলৰ সৈতে ৰণ:-স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ নিৰ্দেশত লাচিত বৰফুকনৰ নেতৃত্বত ১৬৬৮ খৃষ্টাব্দৰ ২০ আগষ্ট তাৰিখে অসমীয়া সৈন্যই গুৱাহাটী উদ্ধাৰৰ বাবে ৰাওনা হয় আৰু ইটাখুলি দুৰ্গ আক্ৰমণ কৰে আৰু অসমৰ হেৰুৱা ভূমি পুনৰ অধিকাৰ কৰে।
 ইতিমধ্যে গুৱাহাটী হেৰুৱাৰ বাৰ্তা মোগল সম্ৰাট ঔৰংজেৱে জনাৰ লগে লগে তেওঁ অম্বৰৰ ৰাজপুত ৰজা জয়সিংহৰ পুত্ৰ ৰাজা ৰামসিংহক অসম উদ্ধাৰৰ বাবে প্ৰেৰণ কৰে।এই দুৰ্জয় অভিযানক প্ৰতিৰোধ কৰিবলৈ লাচিতে একেৰাতিৰ ভিতৰতে গড় নিৰ্মাণৰ আঁচনি ললে। কিন্তু নিৰ্দিষ্ট সময়ত গড়ৰ কাম সম্পূৰ্ণ নোহোৱাত ইয়াৰ দায়িত্বত থকা তেওঁৰ মোমায়েকক কৰ্তব্যত গাফিলতিৰ বাবে হেংদাং লৈ দুচেও কৰি 'দেশতকৈ মোমাই ডাঙৰ নহয়' বুলি চিঞৰি উঠিছিল।ইয়াৰ পাছত দুৰ্গ যথাসময়ত বনুৱা সকলে সম্পূৰ্ণ কৰে।এই গড়টো বিখ্যাত মোমাই কটা গড় বুলি আজিও খ্যাত।ইয়াৰ পাছত ১৬৬৯ চনত বিখ্যাত আলাবৈৰ ৰণ সংঘটিত হয় আৰু অপৰিকল্পিত এই ৰণত এদিনতে প্ৰায় ১০০০০ সৈন্যৰ মৃত্যু হয় ।এই যুদ্ধত আহোম পৰাজিত হয়।

যুদ্ধত জয়ী হৈ ৰামসিংহই গুৱাহাটী দাবী কৰে। কিন্তু নতুন স্বৰ্গদেউ 
উদয়াদিত্য সিংহই এই প্ৰস্তাৱ নাকচ কৰে।ইয়াৰ পাছতেই ১৬৭১ চনৰ মাৰ্চ মাহত ঐতিহাসিক শৰাইঘাট যুদ্ধ হয়। য'ত নৰীয়া দেহেৰে যুদ্ধত নামি পৰে।এই ইতিহাস প্ৰসিদ্ধ শৰাইঘাটৰ যুদ্ধত আক্ৰমণকাৰী মোগল সেনাই সম্পূৰ্ণভাৱে পৰাজয় বৰণ কৰে। আৰু এপ্ৰিল মাহত নিজ দেশলৈ প্ৰত্যাৱৰ্তন কৰে।

সামৰণি: লাচিত বৰফুকনৰ দৰে বীৰৰ ইতিহাসেৰে সমৃদ্ধ অসমীয়া জাতি। অসমীয়াৰ আৱেগ, বিবেক সকলো অধিকাৰ কৰি থকা লাচিত বৰফুকনৰ বীৰত্ব হ’ল সমগ্ৰ জাতিৰ বাবে আদৰ্শ তথা অনুপ্ৰেৰণাৰ উৎস। লাচিত বৰফুকনৰ দৃঢ়,নি:স্বাৰ্থ,দুৰদৰ্শী ব্যক্তিৰ নেতৃত্বই অসমীয়া সমাজত যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা কৰিছিল।অসীম বীৰত্ব আৰু সাহস প্ৰদৰ্শন কৰি শৰাইঘাট যুদ্ধত জয়লাভ কৰা লাচিত বৰফুকনে তীৰকঁপে হোৱা জ্বৰৰ প্ৰকোপত মৃত্যুক সাৱটি লয় শৰাইঘাট যুদ্ধৰ কিছুদিনৰ পিছতেই। ১৬৭২ খ্ৰীষ্টাব্দত মৃত্যুক সাৱটি লোৱা বীৰজনক যোৰহাটৰ হোলোঙাপাৰত মৈদাম দিয়া হয়। বুদ্ধিমত্তা, সাহস পৰাক্ৰমৰ জৰিয়তে শৰাইঘাট যুদ্ধত জয় লাভ কৰা আহোম সেনাপতি লাচিত বৰফুকনৰ জন্ম দিনটো লাচিত দিৱস হিচাপে প্ৰতি বছৰে উদযাপন কৰা হয় ।লাচিত বৰফুকনৰ দৃঢ়, নি:স্বার্থ, দুৰদৰ্শী ব্যক্তিৰ নেতৃত্বই অসমীয়া সমাজত সূচনা কৰিছিল যুগান্তকাৰী পৰিৱৰ্তন। অসমীয়া উত্তৰ প্ৰজন্মৰ বাবে লাচিত বৰফুকন হৈ ৰ'ব সদায় অপৰাজেয় ব্যক্তিত্ব, সাহস আৰু সংগ্ৰামৰ প্ৰতীক।